মাৰ্ঘেৰিটাৰ দিহিং পাটকাই চাওলুং ছ্যু-কাফা সমন্বয় ক্ষেত্ৰত মহকুমা ভিত্তিত দুদিনিয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী পালন

0 140

আজি মে-ডাম-মে-ফি ৷ সমগ্ৰ ৰাজ্যৰ লগতে মাৰ্ঘেৰিটাৰ দিহিং পাটকাই চাওলুং ছ্যু-কাফা সমন্বয় ক্ষেত্ৰত মহকুমা ভিত্তিত দুদিনিয়া কাৰ্যসূচীৰে
মে-ডাম-মে-ফী পালন কৰা হয় । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুথাও সকলক এই প্ৰবিত্ৰ দিনটোত স্মৰন কৰা হয় ৷ । বীৰ জাতি আহোম সকলে আজিৰ দিনটোতেই দেশ জাতি ,স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি ডাম সকল ধৰি ন জন অধিৰ্কতালৈ পূজা আগবঢ়াই স্মৰন কৰাৰ লগতে অপশক্তি আঁতৰিবলৈ অৰ্পন কৰা হয় বিভিন্ন নৈবদ্যৰ লগতে পৰম্পৰাগত পনীয় লোকলাও । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাৰ দিহিং পাটকাই চাওলুং ছ্যু-কাফা সমন্বয় ক্ষেত্ৰত আহোম সম্প্ৰদায়ৰ ৰাইজে পালন কৰিছে মে-ডাম-মে ফি। স্বৰ্গদেও সকলৰ স্মৰণত ৪১ টা মৈদামত বন্তি প্ৰজ্বলন কৰা হয়।মূখ্য মৈদাম তৰ্পন কৰে মানচাও প্ৰণৱ গগৈয়ে। তাৰ পাছতেই স্বৰ্গদেও চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মূৰ্তিৰ দাতা মানচাও ৰূপম গগৈয়ে। টাই জনগোষ্ঠীয় সাংস্কৃতিক দল সমুহৰ সমাহাৰেৰে আজি কাৰ্যসূচী সফল ৰূপায়ন ঘটে ৷৷

মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্রীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.