আজি শিল্পী দিৱস,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পূণ্য তিথি

0 71

 আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পূণ্য তিথি। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যত প্ৰতিবছৰে পালন কৰি অহা হৈছে আগৰৱালাদেৱৰ মৃত্যু তিথি তথা শিল্পী দিৱস।

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰদসাদ আগৰৱালাই অসম আৰু অসমীয়াক দি গৈছে সাহিত্য- সংস্কৃতিৰ মেটমৰা সম্ভাৰ। তেখেত আছিল একেধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক, ছবি নিৰ্মাতা, পৰিচালক আদি প্ৰতিভাৰে সম্বৃদ্ধ বহুমুখী প্ৰতিভাৰ এটি নক্ষত্ৰসদৃশ বিশাল ব্যক্তিৰ গৰাকী।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়। তেওঁৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে ৰূপকোঁৱৰক সোঁৱৰিবলৈ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰক স্মৰণ কৰাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ উপৰিও যোৰহাটত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।

ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’। এয়াই আছিল নৱপ্ৰজন্মৰ প্ৰতি তেওঁৰ আহ্বান। সময় আৰু পৰিৱেশ-পৰিস্থিতিৰ সৈতে কেনেকৈ চলিব লাগে, সেই সন্দৰ্ভতে আগবঢ়াইছিল উক্ত বাণী। যি বাণী আজিও প্ৰাসংগিক। যুগে যুগে অসম আৰু অসমীয়াক খোৰাক জগাব পৰা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

উল্লেখ্য যে ১৯৫১ চনৰ আজিৰ দিনটোতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমবাসীক কন্দুৱাই মেলানি মাগিছিল জীৱন নাটৰ। তথাপি শিল্পী তুমি তিনিও কালৰ। অতীতৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ।

Leave A Reply

Your email address will not be published.