তিনি সহপাঠী অভিযন্তা বন্ধুৰ গ্ৰন্থ উন্মোচন

0 1,186

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিজন প্ৰাক্তন ছাত্ৰৰ দ্বাৰা ৰচিত দুখন চুটি গল্পৰ সংকলন আৰু এখন উপন্যাস অহা ৩১ ডিচেম্বৰত আবেলি তিনি বজাত দিশপুৰত অৱস্থিত ‘লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহ’ত উন্মোচন কৰা হ’ব ৷ চিত্তৰঞ্জন ওজা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন বিভাগৰ এগৰাকী অভিযন্তা, বৰ্তমান গুৱাহাটীত অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতে ওজাই ধাৰাবাহিকভাৱে প্ৰবন্ধ, চুটি গল্প আদি বিভিন্ন আলোচনী, বাতৰি কাকতত লিখি আহিছে৷ তেখেতৰ প্ৰথমখন চুটি গল্পৰ সংকলন ’ৰেঙনি আৰু অন্যান্য গল্প’ ইতিমধ্যে পঢ়ুৱৈ সমাজে আঁকোৱালি লৈছে৷ তেখেতৰ দ্বিতীয় চুটি গল্পৰ সংকলন ’জকাইচুকত কৃত্ৰিম বুদ্ধিমত্তা’ উন্মোচন কৰিব প্ৰসিদ্ধ কবি, গল্পকাৰ, ঔপন্যাসিক হৰেকৃষ্ণ ডেকাই৷

আঢ়ৈ দশক ধৰি প্ৰবাসী হিচাপে নানা দেশৰ বহুজাতিক কোম্পানীত কাম কৰি বৰ্তমান অষ্ট্ৰেলিয়াৰ পাৰ্থত বহু ৰাষ্ট্ৰীয় শক্তি কোম্পানী Chevronত জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা হিচাপে কৰ্মৰত চিত্তৰঞ্জন পাঠকে অসমৰ প্ৰকৃতি সংৰক্ষণৰ তাড়নাত প্ৰতি বছৰে ৰাজ্যৰ অৰণ্য আৰু বন-বননিত ঘূৰিবলৈ আহে৷ তেখেতৰ প্ৰথম উপন্যাস ’The Elephant Girl’ দেশে বিদেশে ইতিমধ্যে সমাদৃত হৈছে৷ তেখেতৰ দ্বিতীয়খন ইংৰাজী ভাষাৰ উপন্যাস প্ৰকাশৰ পথত৷ পশ্চাদপদ অঞ্চলৰ বাস্তৱ আৰু কিংবদন্তীমূলক কাহিনীৰ আঁৰ লৈ লেখা ‘হাতীৰ পিঠিত কোন তাই’ চিত্তৰঞ্জন পাঠকৰ প্ৰথমখন অসমীয়া উপন্যাস৷ গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট কবি, সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই৷

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰশান্ত শইকীয়া তিনিটা দশকৰ পৰা সক্ৰিয়ভাৱে সাহিত্য সাধনাত ব্ৰত হৈ আছে৷ ইতিমধ্যে তেখেতৰ চাৰিখন গল্প সংকলন, এখন কাব্য সংকলন আৰু তিনিখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে৷ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত শইকীয়াই সাহিত্য জগতত ইতিমধ্যে বিশেষ অৰিহনা আগবঢ়াইছে৷ তেখেতৰ সদ্য প্ৰকাশিত গল্প সংকলন ’হ’লনে নৌ মাণিকী মৌ’ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে৷

গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে থাকিব অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ ড° কুলেন্দু পাঠকে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৯১ বৰ্ষৰ ’এনাজৰী’ গোটে আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত সকলো সাহিত্যানুৰাগীৰ উপস্থিতি কামনা কৰি ’এনাজৰী’ৰ হৈ নিলয় দাস আৰু প্ৰতুল চৌধুৰীয়ে জানিবলৈ দিয়ে যে দেবেন্দ্ৰ নাথ আচাৰ্য্য, বন্দিতা ফুকনৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্য জগতত বিভিন্ন সময়ত কেইবাজনো অভিযন্তাই বিশেষ অৱদান আগবঢ়াইছে ৷ ভৱিষ্যতেও এই ধাৰা যাতে অব্যাহত থাকে তাৰ কামনাৰে এই গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে৷

Leave A Reply

Your email address will not be published.