দেওবৰীয়া আনন্দত আউল লগাব বতৰে! কাইলৈ এইকেইখন জিলাত হ’ব পাৰে শিলাবৃষ্টি, বিজুলি-ধেৰেকনি!

0 2,258

বৰ্তমান বনভোজৰ বতৰ। বহু লোকে ডিচেম্বৰ মাহৰ দেওবাৰে বনভোজৰ পৰিকল্পনা কৰে। কিন্তু কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰত দেওবৰীয়া আনন্দত আউল লগাব পাৰে বতৰে। উইকেণ্ডত বিধিপথালি দিব পাৰে বৰষুণে।

কাইলৈ দেওবাৰ। সপ্তাহৰ ছুটীৰ দিন। দেওবাৰৰ দিনটোত বহু লোকেই পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে বাহিৰলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰে।

বৰ্তমান বনভোজৰ বতৰ। বহু লোকে ডিচেম্বৰ মাহৰ দেওবাৰে বনভোজৰ পৰিকল্পনা কৰে। কিন্তু কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰত দেওবৰীয়া আনন্দত আউল লগাব পাৰে বতৰে। উইকেণ্ডত বিধিপথালি দিব পাৰে বৰষুণে।

এই সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে কেইবাখনো জিলাৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। ধুমুহা, বৰষুণৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। চাও আহক কোন কোন জিলাৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী।

বতৰ বিজ্ঞান বিভাগে দৰং, কামৰূপ মেট্ৰো, নগাঁও, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বিজুলি ধেৰেকনিৰ আগজাননী জাৰি কৰিছে।

আনহাতে, হোজাই, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত বিজুলি-ধেৰেকনিৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Leave A Reply

Your email address will not be published.