মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে নিযুত মইনা আঁচনি

0 6,805

এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৫৯০৯৩ গৰাকী ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। চলিত বিত্তীয় বৰ্ষত ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অনুদানৰ ধনৰ চেক প্ৰদান কৰি কয়- অহা ৩বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়োৱাৰ লক্ষ্য লৈছে চৰকাৰে। আঁচনিৰ অধীনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ১৫০০ টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫শ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১হেজাৰ টকা প্ৰদান কৰিব চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে নৱেম্বৰ মাহৰ ভিতৰত ডি বি টিযোগে এই আঁচনিৰ ধন লাভ কৰিব ছাত্ৰীয়ে।

Leave A Reply

Your email address will not be published.