যোৰহাটত স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰৰ প্ৰতিবাদী কাৰ্যসূচী

0 7,915

যি সময়ত অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ আহিছে সেই সময়ত ৰাইজৰ অভিযোগ বুজিবলৈ আহৰি নাই চৰকাৰৰ।

অসমৰ ৰাইজে এফালে স্মাৰ্ট মিটাৰ কোনো কাৰণতে ব্যৱহাৰ নকৰো বুলি প্ৰতিবাদ কৰিছে আনফালে চৰকাৰে স্মাৰ্ট মিটাৰ লগাবলৈ উঠি পৰি লাগিছে।

স্মাৰ্ট মিটাৰৰ প্ৰতিবাদত ৰাজ্যৰ চুকে কোনে আন্দোলন হৈছে।

আজি যোৰহাট জিলাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ বন্ধ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে চৰকাৰক সমালোচনা কৰি কয় যে অসমৰ ৰাইজে কোনো কাৰনতে এই স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যক মানি নলয়।

যদি ৰাইজৰ এই অভিযোগ আৰু এই হঠকাৰী সিদ্ধান্ত চৰকাৰে মানি নলয় তেন্তে যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ ও জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকীয়াই দিয়ে

Leave A Reply

Your email address will not be published.