তিনিচুকীয়াৰ চলিহা নগৰ খেল পথাৰত কেন্দ্ৰীয় কৰম সন্মিলন

0 469

তিনিচুকীয়াৰ চলিহা নগৰ খেল পথাৰত দুদিনীয়াকৈ ২৬ আৰু ২৭ ছেপ্টেম্বৰ বিহস্পতিবাৰ আৰু শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে উচ্চাহ – উদ্দীপনাৰে উদযাপন কৰিছে কেন্দ্ৰীয় কৰম সন্মিলন । কৰম পৰ্ব চাহ জনগোষ্ঠী সকলৰ প্ৰধান উৎসব । ১৩ সংখ্যক কেন্দ্ৰীয় কৰম সন্মিলনৰ প্ৰথম দিনাৰ ২৬ ছেপ্টেম্বৰ তাৰিখে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন তাৰ পিছতে স্মৃতি তৰ্পণ , বৃশ ৰোপণ লগতে বিভিন্ন কাৰ্যসূচী ।

উক্ত কৰম সন্মিলনত বিভিন্ন জাতি জনগোষ্টী, দল – সংগঠনৰ বিষয় – ববীয়া সকলক নিমন্ত্ৰণ জনোৱা হৈছে ।
দ্বিতীয় দিনা ২৭ তাৰিখে বিভিন্ন কাৰ্যসূচীৰ লগতে সন্দিয়া , সাংস্কৃতিক সন্দিয়াত গীতৰ শৰাই আগবঢ়াব পম্পি পূৰবী , জুটিকা বৰুৱা আৰু অমৃত তাঁতীয়ে ।
উক্ত কৰম সন্মিলনত কৰম প্ৰেমী আৰু সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় – সহযোগিতা কামনা কৰি নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছে উদ্যোগতা সকলে ।

Leave A Reply

Your email address will not be published.