শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত অসম ভিত্তিত মেক্ আপ প্ৰতিযোগিতা অনুষ্ঠিত

0 688

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই প্ৰতিযোগীতাখন শুভ উদ্বোধন কৰে । লগতে উপস্থিত থাকে মহাবিদ্যালয় খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লখিমী দত্ত , প্ৰবক্তা প্ৰিয়ম বৰগোহাঁই, দক্ষতা কেন্দ্ৰ ৰ অধ্যাপক ড° মৃণাল কুমাৰ দত্ত , দক্ষতা কেন্দ্ৰৰ তত্বৱাধক জ্যোতি দত্ত । আক্ৰাম হুছেইনৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত বিচাৰক হিচাবে উপষ্ঠিত থাকে সৌন্দৰ্য্য চৰ্চাবিদ তথা মেক আপ প্ৰশিক্ষক ৰুবি নেওঁগ আৰু মামপি শইকীয়াই ।

প্ৰতিযোগীতাখনিত মহাবিদ্যালয় খনৰ দক্ষতা কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান দক্ষতা বিভাগৰ চৰকাৰী চাকৰি প্ৰাপ্ত জ্যোতি চাহুক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজৰ বিভিন্ন দিশত আন মহিলা আৰু যুৱতী সকলক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা তথা আদৰ্শ হিচাবে নিজকে প্ৰতিষ্ঠা কৰা ক্ৰমে স্মৃতিৰেখা চেতিয়া,প্ৰণতি গগৈ,ৰেজিনা বেগম ,পাপৰি গগৈ ,মুস্তাক আলী , সত্যজিৎ দেওধাই ফুকন ,পলি নায়ক ,জোণমনি শৰ্মা ,প্ৰিয়ংকা দাস আৰু পাপু আহমেদক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় ।

Leave A Reply

Your email address will not be published.