উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি

0 1,248

২১ ছেপ্টেম্বৰৰ পৰা উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান। ১২:৩০ বজালৈ চলিব বিদ্যালয়ৰ পাঠদান। কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত বিদ্যালয়লৈ এই নিৰ্দেশনা।

বিদ্যালয়ত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ ব্যৱস্থা। শিক্ষাৰ্থীক কোট, টাই পিন্ধিবলৈ বাধ্য কৰিব নোৱাৰিব কৰ্তৃপক্ষই।
বিদ্যালয়ত থাকিব লাগিব ফেনৰ ব্যৱস্থা আৰু শ্ৰেণী কোঠাৰ ভিতৰত কৰিব লাগিব পাঠদান। যদিহে বিদ্যুৎ সংযোগ ব্যাহত হ’লে বিকল্প বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিব লাগিব।

Leave A Reply

Your email address will not be published.