অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিল্পীগৰাকীৰ জন্ম দিৱসৰ বিভিন্ন কাৰ্যসূচী। একেদৰে মহানগৰীৰ চানমাৰি উৰণ সেতুৰ সমীপৱৰ্তী জয়ন্ত হাজৰিকা উদ্যানতো আয়োজন কৰা হৈছে জন্মদিৱস অনুষ্ঠানৰ। এই উপলক্ষে উদ্যোক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।
৬০ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা সুকণ্ঠৰ অধিকাৰী আছিল। তেঁওৰ সংগীতত অসমীয়া লোকসংগীতৰ উপৰি হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ আদি সংমিশ্ৰণ দেখা যায়।