কৰ্ম সন্ধানত গৈ জোনাইত নিৰুদ্দেশ বিহালীৰ যুৱক

0 2,360

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰভীলৰ যুবক শঙ্কৰ চবৰ নামৰ যুৱক জন যোৱা ১০ ছেপ্তেম্বৰত কৰ্মসন্ধানত গৈ আজিও নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জনোৱামতে ১০ ছেপ্টেম্বৰত লক্ষীমপুৰৰ এজন ঠিকাদাৰ অধীনত বৰভীল গাঁৱৰ কেইবাখনো যুবকৰ লগত জোনাইৰ মোংচেলেকট ঘৰ নিৰ্মাণৰ কাম কৰিবলৈ গৈছিল

কিন্তু ঠিকাদাৰে ঠিকনা ভুলকে কৈ অৰুণাচলৰ ভিতৰত কাম দিছিল যুৱকজনক । কিন্তু শঙ্কৰ চবৰ নামৰ যুৱকজনৰ শাৰিৰিক অসুস্থতা হোৱা বাবে ঠিকাদাৰে ঘৰলৈ যাবলৈ মোকংচেলেক ৰেল ষ্টেচনত থৈ গৈছিল বুলি ঘৰৰ মানুহক অৱগত কৰিছিল।

কিন্তু শঙ্কৰ চবৰ আজিকোপতি ঘৰআহি নাপালে । জোনাইৰ পৰা ৰঙিয়ালৈকে পৰিয়ালৰ লোকে যুৱকজনক বিচাৰি সন্ধাননোপোৱাত চিন্অতিত হৈ পৰিছে

অৱশেষত পৰিয়ালৰ লোকে আৰক্ষী আৰু সাংবাদিকৰ কাষ চাপিছে।কোনো সদাশয় ব্যক্তিয়ে যদি লোকজন কৰবাত সন্ধান লাভ কৰে 9387852624/9085953031 যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিযালে

Leave A Reply

Your email address will not be published.