SLRCৰ তৃতীয় বৰ্গৰ নিযুক্ত পৰীক্ষাৰ চতুৰ্থ কাকতৰ এডমিট কাৰ্ড প্ৰকাশ

0 56,680

২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশ। ৪ হাজাৰ ৫৫টা পদৰ বাবে অনুষ্ঠিত হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হ’ব ৫,২৯,৯৮৯গৰাকী যুৱক-যুৱতী। এই পদৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী। স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থ কাকতৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব। আনহাত ২৯ ছেপ্টেম্বৰতে HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব। ৪১৮গৰাকী চালক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰত অৱতীৰ্ণ হ’ব ২,০৪,০৯১ গৰাকী পৰীক্ষাৰ্থীSTATE LEVEL Recruitment COMMISSIONৰ অফিচিয়েল ৱেবচাইট গৈ পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ক্লিক কৰক- STATE LEVEL Recruitment COMMISSION FOR CLASS III POSTS

Leave A Reply

Your email address will not be published.