শ্ৰীশ্ৰী হৰিদেৱৰ ৫৯৯ সংখ্যক আৱিৰ্ভাৱ তিথি‌

0 1,249

মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত মহানগৰীৰ বিৰুবাৰীত মাংগলিক কাৰ্যসূচীৰে উদযাপন কৰে।

গুৰুজনাৰ স্থিৰচিত্ৰত প্ৰদীপ প্ৰজ্বলন, পুষ্পাৰ্ঘ্য অৰ্পণ, শ্ৰীমদ্ভাগৱত পাঠ, আলোচনা সত্ৰ আদি অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ বিশিষ্ট ধৰ্মীয় সাহিত্যৰ লেখক, সমাজকৰ্মী শৈলেন তালুকদাৰে কয়- “মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ‌ গুৰুজনাই আমাক বহু দি থৈ গ’ল।‌ জীৱন পথত খোজ কাঢ়িবৰ বাবে। গুৰুজনাৰ জীৱন -দৰ্শন‌ অধ্যয়ন কৰিলে সমাজ ‌শৃংখলিত হৈ উঠিব। গুৰুজনাই দেখাই যোৱা পথ আমি অনুকৰণ, অনুসৰণ কৰি গ’লে হ’ল।”

সভাত অসম চৰকাৰৰ মহাগাণনিক বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ হিচাপ পৰীক্ষক বিশ্বনাথ পাঠক, কৃষি বিভাগৰ প্ৰাক্তন উপ-পৰিদৰ্শক বাসৱ‌ চন্দ্ৰ তালুকদাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক প্ৰবীণ শইকীয়া, জ্যেষ্ঠ সংবাদকৰ্মী নিত্যানন্দ‌ শৰ্মাই মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন, তেওঁৰ বাগ্মিতা গুণৰ‌ ওপৰত আলোকপাত কৰে।

Leave A Reply

Your email address will not be published.