মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিত তলাবন্ধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

0 1,251

 বৃহস্পতিবাৰে মৰিগাঁও বৰঙাবাৰী সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন ঠিৰাং কৰিছিল প্ৰশাসনে। কিন্তু মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া উপস্থিত হোৱাৰ পূৰ্বে সমবায় সমিতিখনৰ একাংশ অংশীদাৰ উপস্থিত হৈ সমিতি খনত তলা বন্ধ কৰি দিয়ে।

ৰাইজৰ অভিযোগ অনুসৰি বৰঙাবাৰী সমবায় সমিতিত পূৰ্বে প্ৰায় ৪০০০ গৰাকী ১১ টকীয়া অংশীদাৰ আছিল আৰু এই ৪০০০ অংশীদাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে প্ৰতিদ্বন্দিতা কৰিছিল নিৰ্বাচনত। কিন্তু সমবায় সমিতিখনৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰাই মৈমতালিৰে ৮০০ অংশীদাৰক ১০০ টকীয়া অংশীদাৰ হিচাবে সক্ৰিয় কৰি প্ৰায় ৩২০০ অংশীদাৰৰ অংশীদাৰ কৰ্তন কৰে

ইয়াৰ পিছতেই মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুত হোৱা একাংশ অংশীদাৰে নিজৰ অংশীদায়িত্ব নাপায় এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

Leave A Reply

Your email address will not be published.