কলিয়াবৰত কোঁচ ৰাজবংশী সন্মিলনীৰ ধৰ্ণা

0 17

জনজাতি কৰণৰ দাবীত আজি সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনী, কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । ভাতৃ সংগঠন যুৱ-ছাত্ৰ আৰু মহিলা সন্মিলনীৰ সহযোগত কলিয়াবৰ মহকুমা কাৰ্য্যালয়ৰ সন্মুখত পালন কৰে এই ধৰ্ণা কাৰ্যসূচী । কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতি ৰ মৰ্য্যদা প্ৰদান কৰাৰ দাবীৰ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুযায়ী উত্তৰ গুৱাহাটীত সন্মিলনীৰ কাৰ্যালয় স্থাপনৰ বাবে ভূমি অবন্টন দিয়া , অ’বি চি প্ৰমানপত্ৰ প্ৰদানৰ ক্ষেত্ৰত সন্মিলনীক দায়িত্ব প্ৰদান কৰা , ৰূপচি বিমান বন্দৰৰ নাম বাহাল ৰখা আদি দাবীৰ সমৰ্থনত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।

Byte:

কলিয়াবৰৰ পৰা অনুপ বৰা।

Leave A Reply

Your email address will not be published.