আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

0 1,246

ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিবেশ।

ভক্তি ৰসেৰে জীপাল হ’ব সত্ৰ-নামঘৰসমূহৰ চৌপাশ। ভক্তি ৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জণগনে। সত্ৰ নগৰী বৰপেটাত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ।

ইফালে পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী,সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ নাম-কীৰ্তন কৰিছে।

ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ।

Leave A Reply

Your email address will not be published.