বিহালী উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত একাংশ যুৱ বিজেপি কাৰ্য কৰ্তাই কৰিলে সামুহীক মুণ্ডন

0 6,809

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই চৰকাৰী কাৰ্যসূচীৰে চতিয়া ,বিশ্বনাথ,বিহালীত প্ৰৱেশ কৰাৰ আগমূহুৰ্তত বিহালী উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীত্ব দাবীত আজৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিহালীৰ বাঘমাৰীত৷

বিহালীত একাংশ যুৱকে কৰিলে মুণ্ডন৷ বিহালীৰ বাঘমাৰী ৰাজহুৱা স্থানত বিজেপি জিন্দাৱাদ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাৱাদ ,ৰঞ্জিত দত্ত জিন্দাৱাদ ,জয়ন্ত বৰা জিন্দাৱাদ ধ্বন্নিৰে পৰিৱেশ উত্তাল কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী বিধান সভা সমষ্টিত ভৰি দিয়াৰ পূৰ্বেই বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱনেতা জয়ন্ত বৰাক প্ৰাৰ্থীত্ব দিৱলৈ দাবী জনাই এইদৰে মুণ্ডন কৰে সমৰ্থক সকলে৷ যুৱক সকলে মুণ্ডন কৰি কয় যে জয়ন্ত বৰাক বিজেপি দলে প্ৰাৰ্থীত্ব নিদি বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থীত্ব দিলে বিহালী হ’ব দ্বিতীয় যোৰহাট৷
আৰু কয় যে ইয়াৰ বাবে সম্পূৰ্ণ ৰূপে দায়ী হব সাংসদ ৰঞ্জিত দত্ত l

Leave A Reply

Your email address will not be published.