লাহোৱালত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু – মহিলাৰ তীব্ৰতৰ অভিযান

0 34,578

লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে যুদ্ধংদেহি অভিযান লাহোৱাল আৰক্ষীৰ আৰু মহিলা সমাজৰ। লাহোৱালৰ মহিলা সমাজৰ অভিযোগৰ পিছতেই লাহোৱাল আৰক্ষীয়ে অভিযানৰ মাজেৰে ডিব্ৰুৱাল গাঁৱৰ কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ উচ্ছেদ কৰে।

অবৈধ চুলাই মদৰ ব্যৱসায়ীসকলে ডিব্ৰুগড় আৱকাৰী বিভাগৰ একাংশৰ বিষয়া সৈতে গোপন মিতিৰালিয়ে দীৰ্ঘদিন ধৰি এনে ব্যৱসায় কৰি অহা বুলি অভিযোগ তুলিছে মহিলাসকলে। লাহোৱাল আৰক্ষীয়ে প্ৰায় দুহেজাৰ লিটাৰ অবৈধ চুলাই জব্দ কৰে ।বৃহত্তৰ লাহোৱাল অঞ্চলৰ মহিলা সকলে লাহোৱাল থানাত এখন স্মাৰক পত্ৰ দাখিল কৰে।

Leave A Reply

Your email address will not be published.