বিদ্যালয়ললৈ অহা ছাত্ৰীক অপহৰণৰ অপচেষ্টা কলিয়াবৰত

0 4,577

বিদ্যালয়ললৈ অহা নাৱালিকা ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলায় আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত। ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰ আৰক্ষী থানা এলেকাধীন নিজ চিলাবন্ধাত।

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী নাৱালিকা ছাত্ৰী বিদ্যালয়লৈ আহি থকা সময়তে টম টমত অহা তিনি দুৰ্বৃত্তই ছাত্ৰী গৰাকীক অপহৰণৰ অপচেষ্টা চলায় যদিও কথমপি অপহৰণকাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে ছাত্ৰী গৰাকী।

সোমবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামীয়ে কলিয়াবৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্ত ক্ৰমে অপ্ৰজিৎ মণ্ডল আৰু বিপন অধিকাৰীক গ্ৰেপ্তাৰ কৰিছে।

ছাত্ৰী গৰাকীৰ পিতৃ মঙ্গল বৰ্মনে কলিয়াবৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ৭৭/২৪ নম্বৰৰ গোচৰত দুই অভিযুক্ত ক্ৰমে ১নং ভুৰবন্ধাৰ অপ্ৰজিৎ মণ্ডল আৰু উত্তৰ ভোমোৰাগুৰিৰ বিপন অধিকাৰীক কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানে পলাতক হৈ আছে আন এটা অভিযুক্ত। ঘটনাৰ খবৰ পাই স্থানীয় মহিলাৰ এটি দল কলিয়াবৰ আৰক্ষী থানাত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে শাস্তীৰ দাবী তোলে ।

দুৰ্বৃত্তৰ দলটিয়ে ব্যৱহাৰ কৰা টম টম খনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানে টম টম খনৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.