প্ৰচণ্ড গৰমৰ মাজতে এজাক শিশুৰ জলকেলি।

0 1,254

আপোন-পাহৰা হৈ তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰে সাঁতুৰিছে শিশু সকলে।উত্তৰ গুৱাহাটীত আয়োজন কৰা হৈছে ১৭ সংখ্যক কামৰূপ জিলা আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা।প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে কামৰূপ জিলাৰ ২৬ খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।কামৰূপ জিলা স্প’ৰ্ছ এছ’ছিয়েশ্বন আৰু ছোৱান এছ’ছিয়েশ্বনৰ উদ্যোগত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা।

খেলুৱৈ সকলৰ মাজত দেখা গৈছে তুমুল উৎসাহ ।উত্তৰ গুৱাহাটী GMDA ছুইমিং পুলত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা খন ।৪৮ টা ইভেন্টত ৪ টা ষ্টাইল ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা খনত এজন প্ৰতিযোগীয়ে সৰ্বাধিক ৩ টা ইভেন্টত অংশগ্ৰহণ কৰিব পাৰিব ।এইবাৰৰ সাঁতোৰ প্ৰতিযোগিতা খনত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ২ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Leave A Reply

Your email address will not be published.