পৰ্বতঝোৰাৰ মহামায়াত শতাধিক পুৰুষ মহিলা যোগদান কৰে ইউ পি পি এল দলত

0 2,366

পৰ্বতঝোৰাত বিভিন্ন দলৰ পৰা ফালৰি কাটি ইউ পি পি এল দলত যোগদান কৰে বহু পুৰুষ মহিলাই

আজি পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ মহামায়া ভিচিডিছি আৰু প্ৰাইমাৰী কমিটিৰ উদ্যোগত এখন যোগদান কাৰ্য্য সূচী অনুষ্ঠিত হয়।

যোগদান কাৰ্য্য সূচীত মহামায়া ভিচিডিছিৰ সভাপতি আব্দুছ কালাম(তালুক)ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে পৰ্বতঝোৰা জিলা ইউ পি পি এল দলৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক ছেলিম আহমেদ খান, উপ-সভাপতি জাহলাদ ব্ৰহ্মকে আদি কৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে বিটিআৰ চীফ প্ৰমোদ বড়োৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিভিন্ন দলৰ পৰা শতাধিক পুৰুষ মহিলা আজি সৎসস্পূৰ্তভাৱে ইউ পি পি এল দলত যোগদান কৰে।

Leave A Reply

Your email address will not be published.