আগন্তুক ৪-৫দিনলৈ অসমত বৰষুণ হোৱাৰ সম্ভাৱনা

0 1,250

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান । তদুপৰি দক্ষিণ বাংলাদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ওপৰত বায়ুৰ নিম্নচাপ সক্ৰিয় হৈ আছে ।

অহা ২২ আগষ্টলৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ হ’ব । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

ইফালে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰে বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হ’ব । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত অহা ২৫ আগষ্টলৈ বৰষুণ অব্যাহত থাকিব।

Leave A Reply

Your email address will not be published.