গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ অসম চৰকাৰৰ

0 6,683

চহৰখনৰ বান নিয়ন্ত্ৰণৰ দায়িত্ব নেদাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক এই তথ্য অৱগত কৰে মহাধিবক্তাই।

৫ আগষ্টত গুৱাহাটীত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা কৃত্ৰিম বান সন্দৰ্ভত আদালতে নিজাববীয়াকৈ এখন জনস্বার্থজড়িত আবেদন গ্ৰহণ কৰিছিল। লগতে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন কৰিছিল নর্থ-ইষ্ট ইক’ ডেভেলপমেন্ট ছ’চাইটীয়ে।

৭আগষ্টত এই আবেদন দুখনৰ ৭ একেলগে শুনানি হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন শুনানি জৰিয়তে ১০ দিনৰ ভিতৰত শপতনামাযোগে এই বিষয়ে জনাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

Leave A Reply

Your email address will not be published.