“কবি আৰু কবিতাৰ অন্তৰংগ” অনুষ্ঠান বোকাখাতত

0 7,908

বোকাখাতৰ কবিকণ্ঠ মৃদুল বৰুৱাৰ জন্মদিৱস শনিবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। প্ৰয়াত কবিগৰাকীৰ জন্মদিৱস উপলক্ষে অনুষ্ঠিত হয় ‘কবি আৰু কবিতাৰ অন্তৰংগ অনুষ্ঠান’ শীৰ্ষক এটি গাম্ভীৰ্যপূৰ্ণ কবিতা পাঠৰ অনুষ্ঠান।

বিশিষ্ট কবি অজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোৰ ‘কবি আৰু কবিতাৰ অন্তৰংগ আলাপ’ সঞ্চালনা কৰে বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনে। অনুষ্ঠানটিৰ আয়োজন কৰিছিল বোকাখাতৰ বিশিষ্ট কবি অজিৎ গগৈ, শৰৎ হাজৰিকা, মুহি শইকীয়া, ড° ৰুবী বৰা, ৰত্নেশ্বৰ মৰাং, পপী শইকীয়া আদিয়ে।

তেত্ৰিশ গৰাকী কবিয়ে কবিতা পাঠ কৰে। লগতে প্ৰয়াত কবি মৃদুল বৰুৱাৰ স্মৃতি ৰোমন্থন কৰে।

Leave A Reply

Your email address will not be published.