আজি মাজ নিশা পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

0 4,588

নিশা ১০ বজাৰ পৰা দেওৱাৰে পুৱা ৬ বজালৈ পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল বন্ধ থাকিব। দলংখন মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নামনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ। গধুৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ।

উল্লেখযোগ্য যে পুৰণি শৰাইঘাট দলংখন দিনক দিনে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে দলংখনত। যাৰ ফলত মেৰামতিৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু সেয়ে বিভাগে কাইলৈ নিশা মেৰামতিৰ বাবে বন্ধ ৰাখিব পুৰণি দলংখন।

Leave A Reply

Your email address will not be published.