চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান

0 1,251

AS01 V 0183 নম্বৰৰ বিলাসী হুন্ডাই বাহনসহ ৫ টাকৈ গৰু উদ্ধাৰ

প্ৰাপ্ত তথ্য মতে আজি নিশা ১১ মান বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খাপপিটি আছিল। সেই সময়তেই পশ্চিমবঙ্গৰ পৰা AS01 V 0183 নম্বৰৰ বিলাসী হুন্ডাই বাহন এখন তীব্ৰ বেগত গৌৰীপুৰ অভিমুখে গৈ আছিল।

কিন্ত আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়া সত্বেও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষীয়ে খেদি খেদি গৈ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত গাড়ীখন ৰখাবলৈ সক্ষম হয়। গাড়ীখনৰ চালকে আন্ধাৰৰ সুজোগ গ্ৰহণ কৰি পলায়ন কৰে। পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰ পৰা ৫ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গাড়ীখন ১৭ নং ৰাষ্টীয় ঘাইপথৰ পৰা আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়াত গৌৰীপুৰ অভিমুখৈ গতি কৰিছিল। উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ধোৱা চাঙত তুলিছে।

চলাই আছে চোৰাং গৰুৰ অবৈধ বেহা। আৰক্ষীয়ে যিমানে কটকটিয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে সিমানে ন ন কৌশল অৱলম্বন কৰিছে গো সৰবৰাহ কাৰীয়ে। কেতিয়াবা আলুৰ বস্তাৰ তলত , কেতিয়াবা কাৰ্টুনৰ তলত, কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা নাৱত আৰু কেতিয়াবা কল গছৰ ভুৰত বান্ধি নৈৰ সোঁতত উটুৱাই দি যিকোনো প্ৰকাৰে অব্যাহত ৰাখিছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ।

Leave A Reply

Your email address will not be published.