এজাক বৰষুণৰ পানীয়ে বুৰাই পেলালে মহানগৰীৰ মাজ মজিয়াৰ গীতানগৰ আৰক্ষী থানা।

0 1,256

যি সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মৈয়ত্ৰী আঁচনিৰ জৰিয়তে ৰাজ্যৰ থানা সমূহ আধুনিকৰণ কৰা বুলি দাবী কৰি অহাৰ সময়তে গীতানগৰ থানাত একাঠু পানী জমা

থানাৰ ভিতৰত পানী জমা হোৱাত আৰক্ষীয়ে ককবকাই থাকিব লগীয়া হৈছে।গীতানগৰ থানাৰ ভিতৰত পানী প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ লোকে থানাৰ নথি পত্ৰৰ লগতে আৰক্ষীৰ মৰণাস্ত্ৰ সমূহ উদ্ধাৰ কাৰ্যত নামি পৰে।

আন একাংশ আৰক্ষীয়ে পোছাক খুলি সোমবাৰে নিশাৰে পৰা আজি দুপৰীয়াৰ ভাগলৈ পানী সিচিব লগীয়া হৈছে। তৎসত্তেও থানাৰ ভিতৰৰ কৃত্ৰিম বানপানী ৰোধ কৰাত ব্যৰ্থ হয়।

থানাত পানী সোমাই যোৱাত থানাৰ বহু গুৰুত্ব পূৰ্ণ নথি পত্ৰ বিনষ্ট হয়।

Leave A Reply

Your email address will not be published.