বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ।

0 2,371

দেশ এৰি পলায়ন কৰিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেনাৰ হেলিকপ্তাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন হাছিনাৰ। ‘ঢাকা পেলেচ’ এৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন কৰিছে শ্বেখ হাছিনাই। বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই খবৰ।

ভগ্নী ৰেহানাক লৈ শ্বেখ হাছিনাই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। তেওঁক হেলিকপ্টাৰেৰে ‘নিৰাপদ’ আশ্ৰয়ৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। বাংলাদেশ সেনাৰ অধীনত তদাৰকী চৰকাৰ গঠন হ’ব পাৰে বাংলাদেশত। সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰ পূৰ্বে বাংলাদেশৰ সেনা বাহিনীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হয় পদত্যাগ কৰাৰ বাবে। ৪৫ মিনিট সময় তেওঁক দিয়া হৈছিল বুলি খবৰ। তাৰ পিছতে হাছিনাই পদত্যাগ কৰে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰে খবৰ, দেশ এৰাৰ পূৰ্বে হাছিনাই জনতাক উদ্দেশ্যি ভাষণ ৰেকৰ্ড কৰিব বিচাৰিছিল। তেওঁক সেই সুযোগো নিদিলে বাংলাদেশ সেনাই। কিছু সময় পিছতে জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ সম্ভাৱনা আছে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে।

Leave A Reply

Your email address will not be published.