সুদুৰ মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজনীল ডেন্স একাডেমীয়ে

0 3,482

নৃত্য পৰিৱেশনেৰে চমকপ্ৰদ সফলতা ৰাজনীল ডেন্স একাডেমীৰ।

নগাওঁ জিলাৰ বঢ়মপুৰৰ হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য পৰিৱেশনৰ জৰিয়তে চমকপ্ৰদ সফলতা লাভ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয়-আন্ত: ৰাষ্ট্ৰীয় “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত উজলিল নগাঁৱৰ হালোৱাগাৱঁৰ ৰাজনীল ডেন্স একাডেমী। নগাওঁ জিলাৰ বঢ়মপুৰৰ হালোৱা গাঁৱৰ ৰাজনীল ডেন্স একাডেমীৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে “সংস্কৃতি সংগ্ৰাম” মহোৎসৱত অংশগ্ৰহণ কৰি Best Award লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সূদুৰ মুম্বাইত অনুষ্ঠিত হবলগীয়া এক সাংস্কৃতিক মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলৰ সাংস্কৃতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা নৃত্যৰ বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰী সকলক সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Leave A Reply

Your email address will not be published.