গহপুৰত স্বেচ্ছাসেৱী সংগঠন “চাওছেং” গঠন

0 3,473

মহিলাসকলক সকলো দিশতে ইতিবাচক চিন্তাধাৰাৰে আগুৱাই নিয়াৰ লগতে বিপদত আৰ্তজনৰ কাষত থিয় দিয়া, দৰিদ্র পৰিয়ালৰ ছাত্র ছাত্রীসকলক বিদ্যায়তনিক দিশত সহায় কৰাৰ মহৎ উদ্যেশ্য আগত ৰাখি মহিলাসকলৰ দ্বাৰা পৰিচালিত “চাওছেং” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ মঙলবাৰে জন্ম দিয়া হয় গহপুৰত। এই উপলক্ষে গহপুৰ নগৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা নিমিষা কিচ্চেনৰ সভাকক্ষত এখনি সভাৰ আয়োজন কৰা হয়।

উক্ত সভাত বিশিষ্ট শিক্ষাবিদ, লেখক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই সভাপতিত্ব কৰে। গাম্ভীর্যপূর্ণ সভাখনত শিক্ষয়িত্রী প্ৰিয়াংষা হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

Leave A Reply

Your email address will not be published.