মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাৰ সংবাদ মেল

0 5,698

চৰকাৰী চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ মাছুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল সম্বোধন ।

দুখীয়া আৰু মধ্যবৃত্ত শ্ৰেণীৰ লোকক চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

এনেধৰণৰ সিদ্ধান্তৰ পৰা চৰকাৰক আঁতৰি থাকিবলৈ নিৰ্দেশ ৰাইজৰ দলৰ ।

চিকিৎসা খণ্ডৰ ব্যয় বঢ়াব লাগে চৰকাৰে ।

চৰকাৰী চিকিৎসালয়ৰপৰ্য্যাপ্ত সা সুবিধা খিনি চৰকাৰে যোগান ধৰিব পৰা নাই।

দেশত স্বাস্থ্য আৰু শিক্ষাৰ সুব্যৱস্থা কৰা চৰকাৰৰ দায়িত্ব।

চৰকাৰী চিকিৎসাৰ মানদণ্ড উন্নত কৰিব লাগে।

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বৰ্তমান পয়া লগা অৱস্থা।

চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ঢাক ঢোল বজাই আছে।

অসম চৰকাৰলৈ ৰাইজৰ দলৰ আহ্বান কেৱল বিল্ডিং বনালেই নহব। চিকিৎসালয়ৰ ভিতৰৰ অন্তৰ্গঠনিও উন্নত কৰিব লাগে।

স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰিব লাগে। দৰিদ্ৰ আৰু মধ্যবৃত্ত শ্ৰেণীৰ লোকে যাতে চৰকাৰী চিকিৎসালয়ৰ সুবিধাৰ পৰা বঞ্চিত হৈ নাৰ্ছিংহোমলৈ যাব নালাগে সেই ব্যৱস্থা কৰিব লাগে চৰকাৰে।

Leave A Reply

Your email address will not be published.