বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণৰ নামত চাপৰৰ ছাগলখুটি গাঁৱত চলিছে দালালৰাজ !

0 4,468


টকা দিলে চাপৰৰ ছাগলখুটি বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিব পাৰিব আপুনি

২০ হাজাৰ টকাৰ বিনিময়ত ছমেদ আলী নামৰ ব্যক্তি জনে গৃহ নিৰ্মাণ কৰিবলৈ দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ

এই কথা নিজ মুখে স্বীকাৰ কৰে বনাঞ্চলৰ ভূমিত ধন দি গৃহ নিৰ্মাণ কৰা বৃদ্ধা মহিলা গৰাকীয়ে

এইজনেই হৈছে দালাল ৰূপী ছমেদ আলী যিজনৰ বিৰুদ্ধে ছাগলখুটিৰ বহু পৰিয়ালৰ পৰা ধন লৈ বনাঞ্চলৰ ভূমিত গৃহ নিৰ্মাণ কৰিবলৈ দিয়াৰ অভিযোগ

উল্লেখ্য যে বৃদ্ধা মহিলা গৰাকীৰ ভূমি নদীত জাহ যোৱাত বৃদ্ধা গৰাকী আৰু তেখেতৰ পৰিয়ালে পূৰ্বতে ছাগলখুটি বনাঞ্চলত কিনি থোৱা ভূমিত সা সামগ্ৰী লৈ আশ্ৰয় লবলৈ আহিছিল

কিন্তু আশ্ৰয় লবলৈ আহি গৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ছমেদ আলী নামৰ ব্যক্তি জনে বাধা দিয়ে আৰু টকা নিদিলে গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰে বৃদ্ধা মহিলা গৰাকীয়ে

অৱশেষত বৃদ্ধা মহিলা গৰাকীয়ে ছমেদ আলী নামৰ ব্যক্তি জনক ২০ হাজাৰ টকা দিয়াৰ পিছত হে তেখেতসকলে গৃহ নিৰ্মাণ কৰিব পাৰিছিল বুলি জানিব দিয়ে

Leave A Reply

Your email address will not be published.