নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দি অনুদানৰ ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কলিয়াবৰৰ বামুণীত

0 4,588

অনুদানৰ ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰিল দুই ঠগ প্ৰবঞ্চক। কলিয়াবৰৰ বামুণীত সংঘটিত হৈছে সেই ঘটনা। বামুণী গাঁৱৰ একাংশ মহিলাক ঘৰ দিম বুলি দুই প্ৰৱঞ্চকে লুটিলে বহু ধন।নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া দুই প্ৰবঞ্চক বাবুল আলি আৰু মুস্তাকিম শ্বেখ। প্ৰায় ত্ৰিছটা পৰিয়ালৰ পৰা ঠগ কেইটাই লুট কৰে প্ৰায় অৰ্ধ লক্ষাধিক টকা। স্থানীয় লোকে ঠগ দুটাক কৰায়ত্ত কৰি আঠু কঢ়াই জখলাবন্ধা থানাৰ আৰক্ষীক খবৰ দিয়ে। জখলাবন্ধা আৰক্ষীয়ে দুই ঠগক আটক কৰি থানালৈ লৈ যায়।

Leave A Reply

Your email address will not be published.