ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত ১১ টা পদক লাভ বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ

0 2,362

তিতাবৰৰ বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ সাফল্য। ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১১ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ খেলুৱৈয়ে। ক্লাৱটোৰ এই সাফল্যই বৰ্তমান গৌৰাম্বিত কৰিছে বৰহোলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক।

ইয়াৰে ২ গৰাকীয়ে সোণ, ১ গৰাকীয়ে ৰূপ আৰু ৮ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নিশিমণি শইকীয়া নামৰ এগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈও নিৰ্বাচিত হৈছে।

বৰহোলা টাইকোৱাণ্ডো ক্লাৱৰ সভাপতি আজিমুদ্দিন আহমেদ, সম্পাদক দীপাংকৰ পূজাৰী, প্ৰশিক্ষক হাচিম আহমেদ, বিগেজ কুৰ্মী আদিৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বৰহোলা এইসকল প্ৰতিভাবান খেলুৱৈয়ে।

Leave A Reply

Your email address will not be published.