দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 7,925

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলুৱৈৰ শীৰ্ষক আলোচনাচক্ৰ

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ আজি ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে এই সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে। স্মৃতি তর্পণ কৰে উপদেষ্টা তথা প্ৰতিষ্ঠাপক সদস্য প্ৰভাত ডেকাই।

গছপুলি ৰোপণ কৰে প্ৰাক্তন সভাপতি খৰ্গেশ্বৰ দাস,হেমেন দাস,প্ৰাক্তন উপদেষ্টা নৃপেন নাৰায়ণ ঠাকুৰীয়া,জ্যেষ্ঠ কাৰ্যকৰী সদস্য উমাকান্ত ৰাভা,বাসু মালীয়ে। দুপৰীয়া এই সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলুৱৈ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।

এই আলোচনাচক্ৰত এই সন্থাৰ উপদেষ্টা প্ৰভাত ডেকা, প্ৰাক্তন সভাপতি হেমেন দাস,প্ৰাক্তন ৰাষ্ট্ৰীয় খো খো খেলুৱৈ-আন্তৰাষ্ট্ৰীয় খেল পৰিচালক ৰূপা দাস ঠাকুৰীয়াই আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলুৱৈৰ কৃতিত্বৰ বিষয়ে কয়। সমজুৱাৰ ফালৰপৰা কুশলজ্যোতি মালাকৰ, ৰমেশ চন্দ্ৰ মহন্তই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খেলৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি দক্ষিণ কামৰূপৰ পৰাত ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যেই খেল খেলি কৃতিত্ব অৰ্জন কৰা খেলুৱৈৰ নাম লয়। বিয়লি ৩ বজাত এই ক্ৰীড়া সন্থাৰ প্ৰাক্তন মহিলা কাবাদী খেলুলৈৰ দ্বাৰা কাবাদী খেল অনুষ্ঠিত কৰা হয়। এই খেলখনি মুকলি কৰে এই সন্থাৰ উপ সভাপতি ভদ্ৰেশ্বৰ দাসে,বিয়লি ৪ বজাত প্ৰাক্তন ফুটবল খেলুৱৈৰ দ্বাৰা অনুষ্ঠিত ফুটবল খেলখনি মুকলি কৰে আন এগৰাকী উপ সভাপতি বিমল কুমাৰ ঠাকুৰীয়াই। সন্ধিয়া বন্তি প্রজ্বলন কৰে উপদেষ্টা বলেন্দ্ৰ চন্দ্ৰ কুমাৰে। আনহাতে অহা ১১ আগষ্টৰ পৰা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ ফুটবল,ক্ৰীড়া পেঞ্চনাৰ ৰমেশ দাস সোঁৱৰণী আন্ত ক্লাৱ ফুটবল লীগ প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে এই সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে।

Leave A Reply

Your email address will not be published.