প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 

0 12,367

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বানৰ সময়ত অসমবাসীয়ে সন্মুখীন হোৱা সংকট দূৰীকৰণৰ বাবে অসম চৰকাৰে চলোৱা বিভিন্ন প্রচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ আশিস আৰু মার্গদর্শন লাভৰ উদ্দেশ্যৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ’লোঁ। আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোঁ আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰোঁ।

Leave A Reply

Your email address will not be published.