পৰ্বতঝোৰাত চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ অভিযোগ।

0 3,354

খোৰাঘাট যৌথ বন পৰিচালনা সমিতিৰ অভিযানত চেগুন কাঠৰ কুণ্ডাৰ লগতে ঘোড়া গাড়ী সহ এজনক আটক ।

শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ অভিযোগ সততে উত্থাপিত হৈ থকাৰ সময়তে যোৱা নিশা আনুমানিক ১২-৩০ টা মান বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত খোৰাঘাট যৌথ বন পৰিচালনা সমিতিৰ অভিযানত ফুলকূমলীয়া অপৈনত চেগুন কাঠৰ কুণ্ডাৰ লগতে ঘোড়া গাড়ী সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

অৱশ্য অন্ধাৰৰ সুযোগ লৈ তিনি জন চোৰাং কাঠৰ বেপাৰী পলাই যায় বুলি খোৰাঘাট যৌথ বন পৰিচালনা সমিতিয়ে সাংবাদিকক জানিবলৈ দিয়ে।

আটকাধীন যুৱক জনৰ নাম নজৰুল আলী আৰু পলায়ন কৰা চোৰাং কাঠৰ বেপাৰী তিনি জন ক্ৰমে আইজুদ্দিন সেখ,ময়জুদ্দিন সেখ আৰু মফিজুল আলী ।আটাই কেইজনৰ ঘৰ খোৰাঘাট খামাৰ গাঁৱৰ বুলি বন পৰিচালনা সমিতিৰ সূত্ৰত প্ৰকাশ।

Leave A Reply

Your email address will not be published.