পশ্চিম যোৰহাটত অসম (টাইপা) ৰ ২৯ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদয়াপন

0 25

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামূলীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়াই মৈদাম তৰ্পণ কৰে।

আনহাতে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপ জ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে ক্ৰমে চাওলুং চুকাফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত গছপুলি ৰোপণ কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈয়ে। প্ৰায় ১১ বজাত অনুষ্ঠিত হয় বানফি অনুষ্ঠান। ইয়াৰ পাছতেই অনুষ্ঠিত হয় যুৱ দৰ্শন অনুষ্ঠান য’ত যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ মুখ্য অতিথি আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° বলীন কোঁৱৰ, চাওলুং চুকাফা সম্বন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে।

এই যুৱ দৰ্শন অনুষ্ঠানত যুৱক সকলৰ ভৱিষ্যৎ সুৰক্ষাৰ লগতে কিদৰে আত্মনিৰ্ভৰশীল হ’ব পাৰে সেই বিষয়ে বিষদভাৱে আলোচনা কৰা হয়। ইয়াৰ পাছত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামূলীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়, য’ত আদৰণি ভাষণ প্ৰদান কৰে উদয়াপন সমিতিৰ সভাপতি ড° সোমেন্দ্ৰ নাথ বুঢ়াগোহাঁয়ে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা, বস্ত্ৰ মন্ত্ৰালয় তথা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত শিল্পী জীনা ৰাজকুমাৰীকে প্ৰমুখ্যে কৰি বিভিন্ন দল সংগঠন বিষয়ববীয়া আৰু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

একে অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই। কমলজ্যোতি গগৈয়ে আতঁ ধৰা সাংস্কৃতিক অনুষ্ঠানত সুদূৰ থাইলেণ্ডৰ নিমন্ত্ৰিত শিল্পীয়ে “থাই ধ্ৰুপদী” নৃত্য আৰু মহাকাব্যিক নাট্যৰূপ “ৰামাকীয়েন” প্ৰদৰ্শন কৰে। শিল্পী জীনা ৰাজকুমাৰীয়ে থাই সংগীত পৰিৱেশন কৰা এক জীপাল পৰিৱেশত অনুষ্ঠানৰ সফল সামৰণি পৰে।

Leave A Reply

Your email address will not be published.