অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ

0 3,363


ছাগলীয়া আৰক্ষীৰ অভিযান উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বিহাৰৰ পৰা বৰপেটাৰ অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আল্ট্ৰা বাহনত তালাচি চলায়।

আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে ৪ জনকৈ সৰবৰাহকাৰীক আটক কৰে। ধৃত ৪ জন বৰপেটা ৰোড’ৰ সাহিদুল ইছলাম আৰু আকতাৰ হুছেইন, বৰপেটাৰ ছামাদ আলী আৰু নলবাৰীৰ মোজাম্মিল হুছেইন। আনহাতে ছাগলীয়া আৰক্ষীয়ে AS 28 AC 0508 নম্বৰৰ চোৰাং গৰু ভৰ্তি আল্ট্ৰা ট্ৰাক জব্দ কৰে

Leave A Reply

Your email address will not be published.