আজি “বিশ্ব সৰ্প দিৱস”

0 6,694

এই সৰ্প দিৱসৰ দিনাই নিজৰ ক্ষোভ উজাৰিলে বঙাইগাঁওত সৰ্প বান্ধৱ হিচাবে খ্যাত দুই যুৱকে ৷ যুৱক দুজন হ’ল বঙাইগাঁওৰ কাৰ্তিক ওৰাও আৰু কাকৈজানাৰ হৰমোহন ৰাভা ৷ বন বিভাগৰ কৰ্মচাৰী নহ’লেও এই দুই যুৱক অভিজ্ঞ সাপ ধৰাত ৷

বঙাইগাঁওত নিতৌ ৪/৫ ডালকৈ সাপ উদ্ধাৰ কৰি পুনৰ বনাঞ্চলত এৰি দিয়ে এই দুই যুৱকে ৷ কিন্তু এই দুই যুৱকে আজি সৰ্প দিৱসৰ দিনাই ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ আগত ৷ বন বিভাগত কাম নকৰাৰ পিছতো স্বেচ্ছামূলকভাৱে মানুহৰ ঘৰত সোমোৱা সাপ উদ্ধাৰ কৰা দুই যুৱকক একাংশই সাপ ধৰিবলৈ গ’লে কৰে দুৰ্ব্যৱহাৰ ৷ অলপ পলম হ’লেও বন বিভাগৰ কৰ্মচাৰী বুলি কৰে গালি-গালাজ ৷

আনহাতে বাইকত তেল বাকী কৰি লৈও সাপ ধৰিবলৈ যায় দুই যুৱকে ৷ তাৰপিছতো একাংশই সাপ ধৰাৰ পিছত হাত ধুবলৈ নিদিয়ে চাবোন ৷ আনহাতে আজিলৈ চৰকাৰী মাননী নাপায় দুই যুৱকে ৷ হৰমোহন ৰাভাৰ অনুৰোধ তেওঁলোকক বন বিভাগ বা অসম চৰকাৰে সাপ ধৰাৰ অনুজ্ঞাপত্ৰ দিব লাগে ৷

আনহাতে আৰ্থিকভাৱে দুৰ্বল দুই যুৱকক ৰাজ্যৰ বনবিভাগ বা অসম চৰকাৰে দিব লাগে কৰ্মসংস্থাপন ৷ কিয়নো ৰাজ্যত বনবিভাগ নামৰ বিয়াগোম বিভাগ এটা থকাৰ পিছতো বঙাইগাঁও জিলাত বিষাক্তই হওঁক বা অবিষাক্ত সাপেই হওঁক সেই সাপ ধৰিবলৈ বনবিভাগে বিচাৰে হৰমোহন ৰাভা কিম্বা কাৰ্তিক ওৰাওক ৷

Leave A Reply

Your email address will not be published.