চিলাপথাৰ অঞ্চলত বন্যহস্তীৰ আতংক।

0 2,364

বানৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অব্যাহত আছে । নৈপৰীয়া সোনাৰীঘাট আৰু মেধীপমুৱাত এটা বন্যহস্তীৰ জাকৰ মুক্ত বিচৰনে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। যোৱা নিশা এটা হাতীৰ জাকে অঞ্চলটোৰ সোনাৰীঘাট আৰু মেধীপমুৱাত উপস্থিত হয়।

দলটোৱে গাঁও দুখনৰ ক্ৰমে ৰাজেশ পাইত,ৰাজেন জীমে,তৰাফুল জীমে আৰু মলধৰ পেগুৰ ঘৰৰ চৌহদত চলালে সন্ত্ৰাস। এফালৰ পৰা বাৰীৰ কলগছ,অমিতাৰ পৰা ধানৰ ভঁড়াল আৰু পাচলিবাৰী মহতীয়াই তচনচ কৰে। শূঁৰৰ সহায়ত ঘৰ ভাঙি চাউল -পাত,গেছ ষ্টোভ আদি ঘৰৰ সকলো ব্যৱহাৰ্য্য ৰচদ পাতি টানি গচকি ফেঁনেকি একাকাৰ কৰে। মুৰে কঁপালে হাত দিছে বানাক্ৰান্ত গঞাই ।

এফালে বানৰ আতংক আৰু আনফালে হাতীৰ আতংক। হাতীৰ আক্ৰমণৰ আশংকাত বিনিন্দ্ৰ ৰজনী কটাইছে গঞাই।

Leave A Reply

Your email address will not be published.