মাজুলীৰ বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যু

0 4,592

কেইবা দশক ধৰি মাজুলীৰ আধ্যাত্মিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰা ‘ভৱ গোঁসাই’ৰ বিয়োগ। মাজুলী ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে ৰাজ্যত।

 

আজি পুৱা জি এম চি এইচত বৈকুণ্ঠ প্ৰয়াণ ঘটে সত্ৰাধিকাৰগৰাকীৰ। মৃত্যুৰ সময়ত সত্রাধিকাৰজনৰ বয়স আছিল ৮৫ বছৰ।  ১৯৮৬ চনৰে পৰা সত্রাধিকাৰ আসন অলংকৃত কৰিছিল।  আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত শোকৰ ছা পৰিছে মাজুলীৰ লগতে ৰাজ্যত।

Leave A Reply

Your email address will not be published.