কলাখাৰ শৰীৰৰ বাবে কিমান উপকাৰী ?

0 12,371


মানুহৰ শৰীৰক দৈনিক প’টাছিয়ামৰ প্রয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্রসূ উৎস হ’ব পাৰে। ৰ ব্যঞ্জনে পেলুৰোগ নিৰাময়তো লাভদায়ক।আমি সকলোৱে খাৰ দিয়া ব্যঞ্জন পছন্দ কৰো। অতীজৰে পৰা জুতিলগা খাৰৰ ব্যঞ্জন পছন্দ বাবে অসমীয়া জাতিক খাৰখোৱা বুলিও কোৱা হয়। কিন্তু খাৰৰ আছে বহু ঔষধি গুণাগুণ।আয়ুবৈদিক বিশেষজ্ঞ ঘনশ্যাম মেধিয়ে খাৰৰ বিভিন্ন উপকাৰিতাৰ কথা কয়। কলাখাৰে হজম শক্তি বঢ়োৱাত যথেষ্ট লাভদায়ক ।

ই খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়, আভোক আঁতৰায় ।মানুহৰ শৰীৰক দৈনিক প’টাছিয়ামৰ প্রয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্রসূ উৎস হ’ব পাৰে। কলাখাৰৰ ব্যঞ্জনে পেলুৰোগ নিৰাময়তো লাভদায়ক।আয়ুৰ্বেদৰ মতে কলাখাৰ ইউৰিক এচিডত আক্ৰান্ত ৰোগীৰ বাবেও অতি উত্তম।

ই শৰীৰত ইউৰিক এছিড নিয়ন্ত্ৰণত ৰাখে। ডায়েবেটিছ ৰোগীয়েও খাৰৰ ব্যঞ্জন খাব পাৰে ।খাৰৰ সৈতে বনোৱা প্ৰতিখন ব্যঞ্জনেই সুস্বাদু আৰু দেহৰ বাবে উপযোগী হয়। যাৰ বাবে অতীজৰে পৰা খাৰ আমাৰ সকলোৰে পছন্দৰ ।

Leave A Reply

Your email address will not be published.