৩য়-৪র্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

0 9,897

মুখ্যমন্ত্ৰীয়ে সোমবাৰে নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, এই বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ পৰীক্ষা।

অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হব এই পৰীক্ষাসমূহ। ইফালে আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩অক্টোবৰত অনুষ্ঠিত হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হব।

প্ৰাৰম্ভিক, মূল আৰু সাক্ষাতকাৰ পৰ্ব অনুষ্ঠিত হব তৃতীয় বৰ্গৰ বাবে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত কেইটামান দিনৰ আগৰে পৰাই দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যকলাপক লৈ প্ৰতিনিশাই ফেচবুক লাইভত আহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

Leave A Reply

Your email address will not be published.