গুৱাহাটী নুনমাটি স্থিত কেন্দ্ৰীয় বিদ্যালয় সন্মুখত প্ৰতিবাদ শিক্ষাৰ্থী সকলৰ অভিভাৱকৰ

0 67,916

কেন্দ্ৰীয় বিদ্যালয় নুনমাটিৰ অভিভাৱক সন্থাৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক লোকৰ প্ৰতিবাদ।

কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধিক মাছুল বৃদ্ধি কৰাক কেন্দ্ৰ কৰি গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ। কেন্দ্ৰীয় বিদ্যালয় নুনমাটিৰ অভিভাৱক সন্থাৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক লোকৰ প্ৰতিবাদ।

কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধিক মাছুল বৃদ্ধি কৰাক কেন্দ্ৰ কৰি গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ।

কেন্দ্ৰীয় বিদ্যালয়ৰ পূৰ্বৰ মাহেকীয়া মাছুলত কৈ একেধাপে 1100 শতাংশ মাহেকীয়া মাছুল বৃদ্ধি কৰাক লৈ প্ৰতিবাদ অবিভাবক সকলৰ।

অভিভাৱক সন্থাই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ তৰফৰ পৰা কোনো ধৰণৰ শিক্ষাৰ্থী মাহেকীয়া মাছুল বৃদ্ধি কৰা নাই যদিও গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষই প্ৰকল্প মাছুলৰ নামত এবাৰতে ১১০০ শতাংশ অধিক হাৰত মাছুল বৃদ্ধি কৰিছে।

যাৰবাবে গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষৰ পূৰ্বৰ মাহেকীয়া প্ৰকল্প মাছুলৰ নামত ১৫০ টকা আছিল যদিও একেঢাপে সেই মাছুল বৰ্ধিত কৰি মাহেকীয়া ১৮০০ টকা কৰিছে যাৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অভিভাৱক সকল।

উল্লেখ যে, সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয়ৰ কোনো এখনো বিদ্যালয়ত এনেধৰণে মাছুল বৃদ্ধি কৰা নাই যদিও কেৱল নুনমাটি কেন্দ্ৰীয় বিদ্যালয়ত এই মাছুল বৃদ্ধি কৰিছে।

ইপিনে মাছুল বৃদ্ধি সন্দৰ্ভত অভিভাৱক সন্থাৰ তৰফৰ আছুৰ প্ৰতিনিধি জৰিয়তে শোধনাগাৰ কতৃপক্ষৰ বিৰুদ্ধে তিনিবাৰ আলোচনাত মিলিত হৈছিল যদিও কোনো সুফল পোৱা নাই বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে।

জানিব পৰা মতে কেন্দ্ৰীয় বিদ্যালয় খন গুৱাহাটীৰ শোধনাগাৰ কতৃপক্ষই ব্যক্তিগত কৰণৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক সন্থাই।

Leave A Reply

Your email address will not be published.