ৰাজ্যৰ বান পৰিস্থিতি আজিও উন্নত হোৱা নাই

0 21

 নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি আজিও উন্নত হোৱা নাই। ৰাজ্যখনত বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। সমগ্ৰ ৰাজ্যত বানৰ ফলত ১১৩টা ৰাজহ চক্রৰ অন্তর্গত ৩ হেজাৰ ৫শ খন গাঁও পানীত বুৰ গৈছে। ইপিনে, ৬৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে।

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যু হৈছে। আনহাতে, গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নমাৰী গাঁৱত কালি প্রলয়ংকাৰী বানৰ সোঁতত উটি যোৱা বিশ্বজিৎ ভূঞা নামৰ লোকজনৰ মৃত্যু হয়।

বিগত ২৪ ঘণ্টাত ৬ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। ব্রহ্মপুত্র, বৰাকৰ লগতে প্ৰায়বোৰ উপনৈৰ জলন্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত ২২৫টা পথ আৰু ১০ খন দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে। ইফালে ১৫ লাখৰো অধিক জীৱ-জন্তু বানৰ কবলত পৰিছে।

ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমত প্রবল বৃষ্টিপাতৰ সতর্কবাণী জাৰি কৰিছে। অসম চৰকাৰে বিভিন্ন স্থানত ইতিমধ্যে ৩৩৯টা সাহায্য বিতৰণ কেন্দ্ৰৰ লগতে ২৭৩টা সাহায্য শিবিৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনীক ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান কার্যত নিয়োগ কৰা হৈছে।

Leave A Reply

Your email address will not be published.