ৰাজ্যত ২৯খন জিলাৰ ২,৮০০খন গাঁৱৰ ১৬ লাখকৈ লোক বানৰ কৱলত

0 7,799

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰাজ্যৰ ২৯খন জিলাৰ ২,৮০০খন গাঁও বানৰ কৱলত। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক। মআশ্ৰয় শিবিৰত আছে ১১,০৩৮জন পুৰুষ, ৯৮৭৪গৰাকী মহিলা। আশ্ৰয় শিবিৰত আছে ৪৬৯৪টাকৈ শিশুও। ৰাজ্যত বৰ্তমানলৈ বানৰ ফলৰ মৃত্যু ঘটিছে ৪৩গৰাকীকৈ লোকৰ। বানৰ কৱলত ১২,১০,১৬৫ জীৱ-জন্তুৰ লগতে বানত উটি গ’ল ২৬টা বাসগৃহ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত সামান্য পৰিমাণে হ্ৰাস পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ। তথাপিও বন্য জীৱকূলৰ মাজত হাহাকাৰ অৱস্থা। আজিও ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২২৩টা বন শিবিৰৰ ১৭৮টা বন শিবিৰ জলমগ্ন হৈ আছে।

Leave A Reply

Your email address will not be published.