উত্তৰ প্ৰদেশৰ হাথৰসত ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট ঘটনাত ১২১ গৰাকী লোকৰ মৃত্যু

0 7,795

উত্তৰ প্ৰদেশৰ হাথৰসত মঙ্গলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত ১২১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে।

কিয় আৰু কেনেকৈ এই ঘটনা হ’বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে ভাতীয় ন্যায় বিধিৰ ধাৰা ১০৫, ১১০, ১২৬ (২) ২২৩ আৰু ২৩৮ ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নাৰায়ণ শংকৰ বিশ্ব হৰি নামেৰে জনাজাত ভোলে বাবাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কেইবালাখ ভক্তই এই অনুষ্ঠানত ভিৰ কৰিছিল। প্ৰশাসনৰ অনুমতিতকৈ ইয়াত বহু গুণ অধিক ভক্তৰ সমাগম হয়।

তাৰ মাজতে মঙ্গলবাৰে বিয়লি অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ভক্তৰ মাজত দৌৰাদৌৰি আৰম্ভ হয়। ফলত পদপিষ্ট হৈ এই পৰ্যন্ত ১২১ জনকৈ লোকে প্ৰাণ হেৰুৱালে। এই ঘটনা ছিকান্দ্ৰৰাই কোটৱালী অঞ্চলৰ জিটি ৰোডৰ ফুলৰাই গাঁৱত সংঘটিত হৈছে।

ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল অতি কমেও ৪০ হাজাৰ লোক। 

Leave A Reply

Your email address will not be published.