ৰঙিয়াৰ এছ এছ বিৰ সেক্টাৰ মুখ্য কাৰ্যালয়ৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 4,443,344

ৰঙিয়াৰ মৰাণজনাস্থিত এছ এছ বিৰ সেক্টাৰ মুখ্য কাৰ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। তদুপলক্ষে পতাকা উত্তোলন, গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন আৰু ভাষণেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। বাহিনীটোৰ সেক্টাৰ মুখ্য কাৰ্যালয়ৰ উপ-মহাপৰিদৰ্শক ৰাজীৱ ৰাণাই প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই জোৱানসকলক নিৰাপত্তা আৰু ভাতৃত্ববোধৰ মৌলিক মন্ত্ৰ অনুসৰণ কৰি প্ৰতিটো পৰিস্থিতিত দেশৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। অনুষ্ঠানত জোৱানসকলৰ পেৰেড আৰু বেণ্ডো পৰিবেশন কৰা হয়। আনহাতে সন্ধিয়াৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে উপ-মহাপৰিদৰ্শক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.