মৰিয়নিত জাপানীজ এনকেফেলাইটিছৰ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ

0 8,782

মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক, এজনৰ মৃত্যু, কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন

জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। স্বাস্থ্য বিভাগে আবেলি সময়ত পথত কিছু সময় ধোঁৱা দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱে দেখা দিছে। চেলেংহাটৰ অভয়পুৰীয়া গাঁৱৰ ভলকচুকৰ প্ৰদীপ বৰা নামৰ ৭০ বছৰীয়া ব্যক্তিজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে। আনহাতে গাঁওখনৰ বৰা চুকৰ এগৰাকী ১৬ বছৰীয়া যুৱতী আৰু এজন যুৱক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ঠিক সেইদৰে নামচেচুৰ এগৰাকী ব্যক্তি আৰু বৰনগঞা গাঁও দচুকৰ জিতা বৰা গগৈ নামৰ ৩৫ বছৰীয়া এগৰাকী মহিলা সংকটজনক অৱস্থাত JMCHত চিকিৎসাধীন হৈ আছে। আনহাতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। স্বাস্থ্য বিভাগে আবেলি সময়ত পথত কিছু সময় ধোঁৱা দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।

Leave A Reply

Your email address will not be published.